The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
ভাৰতত ১০০ অতিক্ৰম কৰিলে কৰোণা আক্ৰান্তৰ সংখ্যাইঃ চাৰ্ক চৰকাৰপ্ৰধান সকলৰ সৈতে জৰুৰী আলোচনা নৰেন্দ্ৰ মোডীৰ
এন.এন ব্যুৰো, ১৫ মাৰ্চঃ সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপত বৃদ্ধি পাইছে কৰোণা ভাইৰাছৰ সংক্ৰমণ।বিশ্ব স্বাস্হ্য সংস্হাই ইতিমধ্যে এই ৰোগক অতিমাৰী আখ্যা দিছে। যদিও ভাৰতবৰ্ষই ইয়াৰ পৰা হাত সাৰিবলৈ বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে, নতুনকৈ ১৪ টা পজিতিভ ঘটনা পোহৰলৈ অহাৰ পাছত বৰ্তমানলৈকে ভাৰতত মাৰাত্মক কৰোণাত আক্ৰান্তৰ সংখ্যা ১০৭ জনলৈ বৃদ্ধি পাইছে। COVID-19 ভাইৰাছৰ প্ৰাদুৰ্ভাৱক ভাৰতত ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰি ইয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা পৰিয়াললৈ ৪ লাখকৈ টকা আগবঢ়োৱা কথা ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। ইয়াৰোপৰি কৰোণা ভাইৰাছৰ পৰা হাত সাৰিবলৈ পশ্চিম ৰেলৱেই যাত্ৰী সকলক নিজৰ প্ৰয়োজনীয় সামগ্ৰী লৈ ৰেল যাত্ৰা কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰেলৱে কৰ্তীপক্ষই জনাইছে যে এতিয়াৰে পৰা তেওলোকে ৱাতানুকুল দবাৰ ৰেলযাত্ৰী সকলক নিদিয়ে কোনো কম্বল বা কাপোৰ। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি চাৰ্ক গোষ্ঠীভুক্ত অন্যান্য দেশবিলাকৰ মুৰব্বীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে কৰোণা সন্দৰ্ভত এক জৰুৰী আলোচনাত মিলিত হয় আৰু COVID-19 ভাইৰাছৰ বিৰুদ্ধে যুজাৰ ক্ষেত্ৰত এক উমৈহতীয়া কৰ্ম আঁচনি যুগুতোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।