Kagithane-Istanbul Airport Subway, Turkey's fastest subway, was officially put into service a short time ago.…
ভাৰতীয় বায়ু সেনাত অভেদ্ৰ ৰেডিয়েচন মিছাইল
চুবুৰীয়া ৰাষ্ট্র চীন আৰু পাকিস্তানে সীমান্তৰ পৰিস্থিতি অস্থিৰ কৰি ৰখাৰ সময়তে ভাৰতীয় বায়ুসেনা বাহিনীক শক্তিশালীকৰণৰ আন এক পদক্ষেপ গ্রহণ কৰিলে৷ শত্রু পক্ষৰ ৰাডাৰ আৰু নিৰীক্ষণ ব্যৱস্থা নিমিষতে বিনাশ কৰিব পৰা এণ্টি ৰেডিয়েচন মিছাইলৰ সফল পৰীক্ষণ কৰিলে ডিফেঞ্চ ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচনে (ডি আৰ ডি অ’)৷ আজি ওড়িশাৰ বালাচৰত ছুখ’ই–৩০এমকেআই বিমানৰ পৰা ৰুদ্রম–১ ক্ষেপণাস্ত্রৰ সফল পৰীক্ষণ কৰিলে ডি আৰ ডি অ’ই৷ দেশৰ প্রথমটো এণ্টি ৰেডিয়েচন মিছাইল ৰুদ্রম–১ৰ (নিউ জেনেৰেচন এণ্টি ৰেডিয়েচন মিছাইল) সফল পৰীক্ষণৰ পাছতেই প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে টুইটযোগে অভিনন্দন জ্ঞাপন কৰিছে৷ বায়ুসেনা বাহিনীক শক্তিশালী কৰা দেশীয়ভাৱে নির্মিত এণ্টি ৰেডিয়েচন মিছাইল ৰুদ্রমৰ গতিবেগ ২ মেক অর্থাৎ শব্দৰ গতিতকৈ দুগুণ৷ ডি আৰ ডি অ’ই আজি পুৱা প্রায় ১০.৩০ বজাত ৰুদ্রমৰ সফল পৰীক্ষণ কৰাৰ পাছতেই প্রতিৰক্ষা বিভাগৰ বিবৃতিত দেশে বৃহৎ পদক্ষেপ ল’লে বুলি মন্তব্য কৰে৷ এতিয়াৰে পৰা ভাৰতীয় বায়ুসেনা বাহিনীয়ে শত্রু পক্ষৰ ভূমিৰ গভীৰলৈ গৈ বায়ু প্রতিৰক্ষা ব্যৱস্থা ধ্বংস কৰিব পাৰিব৷ ছুখ’ই–৩০এমকেআই যুদ্ধবিমানৰ পৰা নিক্ষেপ কৰিব পৰা এই মিছাইলটোৰ দূৰত্ব বিমানখনৰ উৰণৰ ওপৰত নির্ভৰ কৰিব৷ কিমান উচ্চতালৈ গৈ বিমানখনে ৰুদ্রম–১ নিক্ষেপ কৰিব, সেয়া বিমানখনে নির্ধাৰণ কৰিব৷ অৱশ্যে এই মিছাইলটো ৫০০ মিটাৰৰ পৰা ১৫ কিলোমিটাৰলৈ নিক্ষেপ কৰিব পৰা যাব৷ আনকি ২৫০ কিলোমিটাৰলৈকেও এই মিছাইল নিক্ষেপ কৰাৰ ক্ষমতা থাকিব৷ তাৎপর্যপূর্ণ যে আমেৰিকা যুক্তৰাষ্ট্রৰ নৌবাহিনীৰ শূন্যৰ পৰা পৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা শক্তিশালী এজিএম–৮০৮০ই, এডভান্স এণ্টি ৰেডিয়েচন গাইডেড মিছাইলৰ লগত তুলনা কৰিব পাৰি আজি ভাৰতে সফল পৰীক্ষণ কৰা প্রথম এণ্টি ৰেডিয়েচন মিছাইলটোক৷