Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
ভাৰতৰ সংকটৰ সময়ত আমেৰিকা ভাৰতৰ সৈতে থাকিব
আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পে চীনক দৃঢ়ভাৱে কৈছে যে ভাৰতৰ সৈতে চীনে কৰা যিকোনো চুক্তিৰ সময়ত আমেৰিকা ভাৰতৰ সৈতে থাকিব। ভাৰতৰ যিকোনো সংকটৰ সময়ত আমেৰিকাই ভাৰতক যথপৰোনাস্তি সহায় কৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। ভাৰত আৰু আমেৰিকাৰ নিৰাপত্তা আৰু প্ৰতিৰক্ষা আলোচনাৰ উদ্দেশ্য আমেৰিকাৰ বৈদেশিক মন্ত্ৰী পম্পে আৰু প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক ইচপাৰ সোমবাৰে ভাৰতত উপস্হিত হৈছিল। ১৫ জুনত চীনৰ হকে যুঁজ কৰি প্ৰাণ আহুতি দিয়া সেনাৰ স্মৃতিত নিৰ্মিত দিল্লী জাতীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি পম্পে শ্বহীদ সকলক শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰতৰ সৈতে যিকোনো সংকটৰ সময়ত যুঁজ দিবলৈ আমেৰিকা সদায় সাজু ।