The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
ভাৰত পাকিস্তান সীমান্তত মৃত্যু অসমৰ হৰধন চন্দ্র ৰায়
পুনৰ উত্তপ্ত ভাৰত-পাকিস্তান সীমান্ত। ভাৰতীয় সেনাৰ মতে কোনো কাৰণ নোহোৱাকে জম্মুৰ পুঞ্চ আৰু উত্তৰ কাশ্মীৰৰ গুৰেজৰ পৰা উৰি পর্যন্ত আক্ৰমণ চলায় পাকিস্তানী সেনাই। ফলত চাৰিজন সেনা আৰু এজন বিএচএফ উপ পৰিদৰ্শকসহ ১১ জন নিহত হয়। বাকী ৬ জন গাঁওবাসী। নিহত সেনাসকলৰ ভিতৰত আছে অসমৰ ধুবুৰীৰ হৰধন চন্দ্র ৰায়। এজন পশ্চিমবঙ্গৰ আৰু বাকী দুজনৰ পৰিচয় এতিয়াও প্রকাশ কৰা নাই সেনাই। আনহাতে, গুৰুতৰভাৱে আহত হৈছে বহু কেইজন জোৱান আৰু স্থানীয় বাসিন্দা। ভাৰতীয় সেনাৰ দাবী, প্ৰত্যাক্ৰমণত ৮ জন পাক সেনা নিহত হৈছে।