The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
ভোগালী বিহুৰ উৰুকাৰ দিনাই বিশেষ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
মাঘবিহুৰ উৰুকাৰ দিনাও ব্যস্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা৷ আজি পুৱা ভাগতেই বাক্সা আৰু সৰভোগ ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাৰ নৱ দিহিৰাত কৃষিবন আৰু জৈৱ-বৈচিত্ৰ্য মহাবিদ্যালয় আৰু উলূমৰা সংৰক্ষণ, গৱেষণা আৰু পৰিৱেশ পৰ্যটন ক্ষেত্ৰৰ আধাৰশিলা স্থাপন আৰু ২০২১-২২ বৰ্ষৰ এমজিএনৰেগা পুঁজিৰে নিৰ্মিত ১০৭টা অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰে। কৃষি-বাণিজ্যৰ উন্নয়নৰ দিশত চৰকাৰে চেষ্টা চলোৱাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমত বাণিজ্যিক কৃষি উৎপাদনৰ বিকল্প অন্বেষণ কৰিবলৈ বিশেষজ্ঞসকলৰ সৈতে এখন কৃষি আয়োগ গঠন কৰা হ’ব বুলি সদৰি কৰে। লগতে কেন্দ্ৰীয় চৰকাৰ আৰু বি টি আৰ প্ৰশাসনৰ সৈতে আলোচনা কৰি নৱ দিহিৰা অঞ্চলত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি প্ৰতিষ্ঠান স্থাপনৰো অন্বেষণ কৰি থকাৰ কথাও মুখ্যমন্ত্ৰীয়ে জানিব দিয়ে।