The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
ভোট দিয়ক আৰু কৰোণা ভেকচিন বিনামূলীয়াকৈ লওক!
বিহাৰত নিৰ্বাচন উপলক্ষে বিজেপিয়ে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ। ৰাজ্যখনত এনডিএ মিত্ৰজোঁট অৰ্থাৎ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বাধীন জেডিইউ-বিজেপি মিত্ৰজোঁটে ক্ষমতাত অধিষ্ঠিত হ’লে বিহাৰবাসীক বিনামূলীয়াকৈ প্ৰদান কৰিব কৰ’নাৰ ভেক্সিন। নিৰ্বাচনী ইস্তাহাৰত কেন্দ্ৰৰ শাসনাধিষ্ঠিত দলে এইদৰে ঘোষণা কৰাৰ পিছত এটা কথা স্পষ্ট হৈছে যে ভাৰতত কৰ’না ভেক্সিন উপলব্ধ হ’লেও চৰকাৰে সেয়া বিনামূলীয়াকৈ বিতৰণ নকৰে। বিহাৰৰ ক্ষমতাধিষ্ঠিত জেডিইউ আৰু বিজেপিয়ে বিৰোধীৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। নিৰ্বাচনত বিজেপি ক্ষমতাত অধিষ্ঠিত হ’লে ১৯ লাখ যুৱকক কৰ্মসংস্থাপন দিব বুলিও ঘোষণা কৰা হৈছে। এনডিএ পৰাজিত হ’লে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে কৰ’না প্ৰতিৰোধৰ বাবে ভেক্সিন বিনামূল্যত প্ৰদান নকৰে। বিহাৰৰ নিৰ্বাচন উপলক্ষে বিজেপিৰ এই ঘোষণাপত্ৰই স্পষ্ট কৰিছে যে ২০২১ চনৰ জানুৱাৰীলৈকে দেশত ভেক্সিন উপলব্ধ হ’লেও সেয়া কোনোপধ্যেই বিনামূলীয়াকৈ নিদিয়ে চৰকাৰে।