A woman was found inside a box in Guwahati’s Lalung Gaon on Thursday evening, June…
মঙ্গলদৈ মহকুমা অ.বি.বি শিক্ষক সন্হাৰ সংবাদমেল
এন.এন ব্যুৰো ৬ মাৰ্চঃ আজি গুৱাহাটী প্ৰেছ ক্লাবত মঙ্গলদৈ মহকুমা অ.বি.বি শিক্ষক সন্হাই এক সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলযোগে অ.বি.বি শিক্ষক সন্হাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী চৰকাৰৰ ওচৰত নিৰ্দিষ্ট তাৰিখৰ ভিতৰত তেওঁলোকৰ চাকৰি সমুহৰ নিয়মীয়াকৰন কৰাৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ১০ ফেব্ৰুৱাৰী তাৰিখৰ পৰা পৰৱৰ্তী তিনিমাহৰ ভিতৰত অ.বি.বি শিক্ষক সকলৰ নিযুক্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। সুদিৰ্ঘ ১৯ বছৰ পিছত চাকৰিৰ নিয়মীয়াকৰনৰ ৰায়দান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।