Assam Rifles will enhance vigilance along the 510-km stretch of the India-Myanmar border in Mizoram…
মধ্য প্ৰদেশত মাদ্ৰাছা বিতৰ্ক
অসমৰ পিছতে পুনৰ মাদ্ৰাছা বন্ধৰ দাবী উঠিছে মধ্য প্ৰদেশত। মধ্য প্ৰদেশৰ মন্ত্ৰী উষা ঠাকুৰে দাবী জনাইছে মাদ্ৰাছা বন্ধৰ। মঙলবাৰে তেওঁ কয় যে মাদ্ৰাছাৰ পৰাই সন্ত্ৰাসবাদীৰ সৃষ্টি হয়। মাদ্ৰাছা সমূহ জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী ফেক্টৰীলৈ ৰূপান্তৰ হোৱা বুলি তেওঁ মত পোষণ কৰে। যিবোৰ মাদ্ৰাছাই জাতীয়তাবাদৰ শিক্ষা দিব নোৱাৰে সেই মাদ্ৰাছা অস্তিত্বহীত বুলি তেওঁ উল্লেখ কৰে। লগতে তেওঁ মধ্য প্ৰদেশত মাদ্ৰাছা বন্ধ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এনে ধৰ্মভিত্তিত গঠিত শিক্ষানুষ্ঠানে ছাত্ৰ ছাত্ৰীক বিপথে পৰিচালিত কৰে। সেয়েহে মাদ্ৰাছা বন্ধ কৰিবলৈ তেওঁ মুখ্য মন্ত্ৰীকো অনুৰোধ জনায়।