The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
মহানগৰীত উলহ-মালহেৰে পালন কৰা হ’ল আন্তৰ্জাতিক নাৰী দিৱস
এন.এন ব্যুৰো, ৮ মাৰ্চঃ সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটী মহানগৰীতো আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। মহানগৰীৰ গেট হাস্পতালত নাৰী দিৱস উপলক্ষে আজি পুৱা ৬ বজাত এক সমূহীয়া দৌৰ কাৰ্য্যসূচী ৰুপায়ন কৰা হয়। ইয়াৰ লগতে দিছপুৰ প্ৰেছ ক্লাৱত জোন তৰা কলা কেন্দ্ৰই নাৰী দিৱস উপলক্ষে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ উদ্যোগতো দিছপুৰত নাৰীৰ মানসিক স্বাস্থ্য আৰু নাৰী সবলীকৰন বিষয়ক কেন্দ্ৰ কৰি নাৰী দিৱস উদযাপন কৰা হয়। ইফালে গুৱাহাটী প্ৰেছ ক্লাৱতো নব্যনাৰীকে ধৰি বহু অনুষ্ঠানে উলহ-মালহেৰে নাৰী দিৱস উদযাপন কৰে।