আজি দিছপুৰত AIUDF ৰ বিধায়কসকলৰ প্ৰতিবাদ। মন্ত্ৰীদ্বয় পিয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই AIUDF ৰ…
মহাৰাষ্ট্ৰৰ ৰাজ্যপালক কটাক্ষ আছাউদ্দুনীনৰ
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছিয়াৰী আৰু মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ মাজত হিন্দুত্বক লৈ আৰম্ভ হোৱা পত্ৰযুদ্ধত নামি পৰিছে এআইএমআইএমৰ অধ্যক্ষ তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দীন ওৱেছীও। ৰাজ্যপালৰ পদক্ষেপক সমালোচনা কৰি ওৱেছীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰিছে। ৰাজ্যপাল কোছিয়াৰীৰ কাৰ্যক দুৰ্ভাগ্যপূৰ্ণ আখ্যা দি ওৱেছীয়ে কয় যে মুখ্যমন্ত্ৰীৰ পৰা এনেধৰণৰ পদক্ষেপৰ আশা কৰাটো অপ্ৰাসংগিক আৰু এনে কৰাটো অনুচিত আছিল।
ওৱেছীয়ে লিখিছে, ‘এয়া বহু দুৰ্ভাগ্যজনক যে এই কাৰ্য খোদ ৰাজ্যপালৰ দ্বাৰা কৰা হৈছে, যিয়ে সংবিধানৰ শপত লৈছিল। সেই শপতৰ বাবে ‘হিন্দুত্ব’ৰ আৱশ্যকতা নাছিল। নিজৰ কৰ্তব্য পালনৰ সময়ত মুখ্যমন্ত্ৰীৰ হিন্দুত্বৰ প্ৰতি দায়বদ্ধতা অপ্ৰাসংগিক আৰু এনে ধৰণৰ আলোচনা কৰাও অনুচিত আছিল।’
উল্লেখ্য যে, মহাৰাষ্ট্ৰত কোভিড স্থিতিৰ বাবে বন্ধ হৈ থকা ধৰ্মীয় স্থলসমূহ খোলাৰ বাবে বিজেপিয়ে সাংকেতিক প্ৰতিবাদ অব্যাহত ৰাখিছে। তাৰ মাজতে ৰাজ্যপাল ভগত সিং কোছিয়াৰীয়ে বিজেপিৰ প্ৰতিবাদৰ প্ৰতি পৰোক্ষ সমৰ্থন জনাই মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ হিন্দুত্বক লৈ প্ৰশ্ন তোলে। যাৰ উত্তৰত উদ্ধৱ থাকৰেও ‘মোৰ হিন্দুত্বৰ বাবে আপোনাৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই’ বুলি প্ৰত্যুত্তৰ প্ৰদানৰ পিছতে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ মাজত পত্ৰযুদ্ধৰ অৱতাৰণা ঘটে।