Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
মাইক্ৰ’ফাইনেঞ্চৰ অত্যাচাৰঃ একুৰিৰো অধিক আত্মহত্যাৰ ঘটনা
এন.এন ব্যুৰো ১৪ মাৰ্চঃ আজি গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰামীণ শ্ৰমজীৱি ৰাইজৰ জীৱন-জীৱিকাৰ সুৰক্ষা আৰু মাইক্ৰ’ফাইনেঞ্চকে ধৰি সকলো ঋণ মাফৰ দাবীত অনুষ্ঠিত হয় এক সংবাদমেল। উক্ত সংবাদমেলত উপস্হিত থাকে গ্ৰাম্য অৰ্থনৈতিক সুৰক্ষা মঞ্চ, অসমৰ সভাপতি ৰঞ্জিত বৰা, সদৌ অসম গ্ৰামীণ শ্ৰমিক সণ্হাৰ সভাপতি সুভ্ৰজ্যেতি বৰ্ধন আৰু বহুতো। ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰা ৰাজ্যজুৰি মাইক্ৰ’ফাইনেঞ্চৰ শোষন আৰু অত্যাচাৰৰ বিৰুদ্ধে যি ব্যপক আন্দোলন গঢ় লৈ উঠিছিল সেই সময়ত বিভিন্ন সামাজিক সংগঠন সমুহে এই আন্দোলনত অংশীদাৰ হোৱাৰ লগতে হাজাৰ হাজাৰ মহিলাও এই আন্দোলনৰ অংশীদাৰ হৈছিল। জানিব পৰা মতে বৰ্তমানলৈকে ঋণ সংক্ৰান্তীয় ২২ টাৰো অধিক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ লগতে ঋণৰ কৱলত পৰি গাওঁ এৰি পলাই যোৱা পৰিয়ালৰ সংখ্যাও বহুত। তেওঁলোকৰ অভিযোগ মতে, মাইক্ৰ’ফাইনেঞ্চ কোম্পানী সমুহেও কিস্তি পলমকৈ আদায় দিয়াৰ নামত সংগ্ৰহ কৰিছে অবৈধ জৰিমনা। ইফালে অন্য এক সূত্ৰৰ দাবী অনুসৰি উত্পাদনমুখী কামৰ নামত ঋণ লৈ ঋণৰ টকা বাইক, মোবাইল, ৰঙীণ টিভি আদি কিনাত খৰচ কৰাৰ পৰিণতিতে ঋণৰ জালত বেয়াকৈ আবদ্ধ হ’ব লগা হৈছে বহুতো পৰিয়াল।