The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
মাজুলিত মিচিং যুৱ মহোৎসৱ
এন.এন ব্যুৰো, ৩ মাৰ্চঃ বৰ্ণাঢ্য কায্যসূচীৰে ৫ মাৰ্চৰ পৰা মাজুলিত অনুষ্ঠিত হব মিচিং যুৱ মহোৎসৱ। বিগত বৰ্ষৰ দৰে এইবছৰো ৫,৬,৭ আৰু ৮ মাৰ্চত এই মহোৎসৱ অনুষ্ঠিত হব। মিচিং লোকনৃত্য, পৰম্পৰাগত খেল-ধেমালি, মিচিং আৰু অসমীয়াৰ দ্বি-ভাষিক কবি সন্মিলন, চাইকেল ৰেলীৰ লগতে অনুষ্ঠিত হব বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। এই মহোৎসৱৰ শেষৰ দিনা মূখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। সাংস্কৃতিক অনুষ্ঠানৰ মূখ্য আকৰ্ষন হিচাপে থাকিব তৰুলতা কুটুম, সৰ্বেশ্বৰ কাৰ্ডং, ৰিদিপ ৰেগন আৰু বহুতো।