The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
মাজুলীৰ স্বাস্থ্যখণ্ডত নতুন সংযোজনঃ মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ব্লাড বেংক

এন.এন ব্যুৰো,২২ ফ্ৰেব্ৰুৱাৰীঃ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল মাজুলীবাসীৰ।আজি মাজুলীৰ গড়মূৰ অসামৰিক চিকিৎসালয়ত এটা অত্যাধুনিক ব্লাড বেংক মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা আৰু তপন গগৈ। চিকিৎসালয়খনত এটা ব্লাড বেংক নথকাৰ বাবে ৰোগীসকল বহুত অসুবিধাৰ সন্মুখীন হব লগা হৈছিল। সংকটজনক অৱস্থাত ৰোগীসকলক যোৰহাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাব লগীয়া হৈছিল। মুখ্যমন্ত্ৰীয়ে ব্লাড বেংক মুকলি কৰাৰ পাছতেই উৎফুল্লিত হৈ উঠিছে মাজুলীবাসী।