The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
মাৰাথানৰ নামত তীব্ৰ যানযঁট গুৱাহাটী মহানগৰীত
এন.এন ব্যুৰো ২ মাৰ্চঃ দেওবাৰৰ দিনটোত গুৱাহাটী মহানগৰীৰ যানযঁট কিছু পৰিমানে কম হোৱা দেখা যায় যদিও, মাৰ্চৰ ১ তাৰিখে দ্য গ্ৰেট গুৱাহাটী মাৰাথান প্ৰতিযোগিতাৰ বাবে পৰিলক্ষিত হল এক বিপৰীত ছবি। মহানগৰবাসীয়ে ভুগিব লগা হল তীব্ৰ যানযঁটৰ সমস্যাত। প্ৰায় ২-৩ ঘন্টা যানযটত আবদ্ধ হৈ ৰল মহানগৰবাসী; লগতে আবদ্ধ হৈ থাকিল এম্বুলেঞ্চকে ধৰি জৰুৰীকালীন সেৱা সমুহো। দ্য গ্ৰেট গুৱাহাটী মাৰাথান প্ৰতিযোগিতা উপলক্ষে খানাপাৰাৰ পৰা এবিচি অভিমুখী জি এছ ৰোডটো সুদীৰ্ঘ সময়ৰ বাবে বন্ধ কৰি দিয়া হয়। ফলত সৃষ্টি হয় তীব্ৰ যাঁনযট। ভুক্তভোগী জনতাই মাৰাথান অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰদান কৰা বাবে প্ৰশাসনক দোষী সাব্যস্ত কৰে।