Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
মিছাইল সম্পূৰ্ণ হ’বলৈ প্ৰয়োজন ভাৰতক ৪-৫ বছৰ
Defence Research and Development Organisation( DRDO ) ৰ অধ্যক্ষ জি সতীশ ৰেদ্দীয়ে বুধবাৰে কয় যে আগন্তুক ৪-৫ বছৰৰ ভিতৰত মিছাইলৰ কাম সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে ভাৰতীয় প্ৰতিৰক্ষা বিভাগক পূৰ্ণ সহযোগিতা আগবঢ়াব। এই ৪-৫ বছৰ তেওঁলোকক মিছাইলৰ পূৰ্ণ কাৰ্য বুজিবলৈ প্ৰয়োজন হ’ব। উল্লেখযোগ্য যে থলুৱাভাৱে নিৰ্মিত ৰুদ্ৰম-১ ৰ লগতে ১০ টা মিছাইলৰ পৰীক্ষা যোৱা দুমাহত ভাৰতে সম্পূৰ্ণ কৰিছে। ৰুদ্ৰম-১ হৈছে বিকিৰণ বিৰোধী মিছাইল যিয়ে অচিন ৰাডাৰক চিনাক্ত কৰিব পাৰে। ৰুদ্ৰমৰ লগতে DRDO ই ভালেসংখ্যক মিছাইলৰো পৰীক্ষা চলাইছিল। DRDO ৰ অধ্যক্ষই লগতে জনায় যে প্ৰতিৰক্ষা বিভাগক প্ৰয়োজনৰ সময়ত তেওঁলোকে পূৰ্ণ সহযোগীতা আগবঢ়াব। প্ৰতিৰক্ষা বিভাগে বিচৰা যিকোনো মিছাইল প্ৰস্ত্তত কৰিবলৈ তেওঁলোক এতিয়া সক্ষম। তেওঁ লগতে কয় যে প্ৰতিৰক্ষা বিভাগে থলুৱাভাৱে নিৰ্মিত অস্ত্ৰ প্ৰস্ত্ততত গুৰুত্ব আৰোপ কৰিলে আত্মনিৰ্ভৰ ভাৰত গঢ়াত সহায় হ’ব। তেওঁ প্ৰকাশ কৰে যে DRDO য়ে অত্যাধুনিক অস্ত্ৰ প্ৰস্তুতৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ক’ভিডৰ এই ভয়াবহ পৰিস্হিতিৰ মাজতো বিজ্ঞানী সকলে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। প্ৰযুক্তিৰ উন্নয়নে তেওঁলোকক আগন্তুক দিনত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।