Assam Chief Minister Himanta Biswa Sarma today said he has spoken to megastar Shah Rukh…
মুকলি হ’ল চলচ্চিত্ৰ গৃহ,চিনেমা চাবলৈ আহিবনে ?
৭ মাহৰ অন্তত বৃহস্পতিবাৰৰ পৰা মুকলি হ’ল দেশৰ চিনেমা গৃহ। কেন্দ্ৰীয় চৰকাৰে ১৫ অক্টোবৰৰ পৰা বিনোদনৰ স্থান সমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে কিছুমান নীতি-নিৰ্দেশনা আৰু প্ৰট’কলৰ মাজেৰে মাল্টিপ্লেক্স চিনেমা হলসমূহ পুনৰ খুলিবলৈ অনুমতি প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাৰ লগতে কোভিড প্ৰট’কল মানি চলিব লাগিব এই প্ৰেক্ষাগৃহসমূহ।
কি কি নিয়ম মানিব লাগিব?
১) সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক।
২) কেৱল ৫০ শতাংশ আসনতহে চাব পাৰিব চিনেমা।
৪) চিনেমা হলৰ সন্মুখত থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা কৰিব লাগিব।
৫) পূৰ্বৰ দৰে কোনো খাদ্যৰ বাবে ব্যৱস্থা নাথাকিব, চিনেমা হললৈ কেৱল পেকেট ফুডহে লৈ যাব পাৰিব।
৬) অধিক সমাগম ৰোধৰ বাবে আগতীয়া বুকিঙৰ ব্যৱস্থাৰ পৰামৰ্শ।
৭) ২৪-৩০ ডিগ্ৰী ছেলছিয়াছৰ ভিতৰত ৰাখিব লাগিব চিনেমা হলৰ ভিতৰৰ শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ।
৮) ছবি উপভোগৰ বাবে যোৱা দৰ্শকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
৯) চলচ্চিত্ৰপ্ৰেমীয়ে আৰোগ্য সেতু এপ ডাউনলোড কৰিব লাগিব।
১০) টিকট সংগ্ৰহৰ সময়ত যোগাযোগৰ নম্বৰ উল্লেখ কৰিব লাগিব।
অৱশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সম্পৰ্কে ৰাজ্য চৰকাৰসমূহক শেষ সিদ্ধান্ত লোৱাৰ অধিকাৰ প্ৰদান কৰিছে।