skip to Main Content

মুখ্যমন্ত্ৰী পদবীক কেন্দ্ৰ কৰি তৎপৰতা তুংগত ।


ৰাজ্যত নতুন চৰকাৰ গঠন কৰা আৰু পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হব ইয়াক লৈ চলিছে ব্যাপক চৰ্চা । মিত্ৰগোষ্ঠীৰ মাজত শিবিৰে শিবিৰে চলিছে ঘনে ঘনে বৈঠক । একাংশ বিধায়ক যদি নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী পদক কেন্দ্ৰ কৰি আলোচনাত মিলিত হৈছে , আন একাংশ বিধায়ক আকৌ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ অনানুষ্ঠানিকভাৱে পৰৱৰ্তী মুখ্যমন্ত্ৰী পদক নৈ আলোচনাত মিলিত হৈছে । মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ বিধায়কসকলো মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিষয়টোক লৈ আলোচনাত মিলিত হোৱা দেখা যায় । জানিব পৰা মতে ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া দিল্লীত সংসদীয় বৰ্ডৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু তাতেই পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হ’ব । অৱশ্যে তাৰ পূৰ্বে কেন্দ্ৰীয় কৃষি মন্ত্ৰী তথা অসমৰ দায়িত্বত থকা নিৰ্বাচনী পৰ্যবেক্ষক নৰেন্দ্ৰ সিং টোমৰো গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিষয়টোক লৈ বিধায়কসকলৰ পৰা মতামত লোৱাৰ সম্ভাৱনা আছে ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top