Coming as a sigh of relief for the people of Guwahati, the Guwahati Jal Board…
মুল্যবৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক৷
নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক৷বৈঠকত কৃষিমন্ত্ৰী, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী, মুখ্য সচিব, মহানগৰ আৰক্ষী আয়ুক্ত, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তকে ধৰি উচ্চপদস্থ বিষয়াৰ অংশগ্ৰহণ৷লগতে কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চ, আছাম চেম্বাৰ্চ অৱ কমাৰ্চ, আলু আৰু পিয়াজ ব্যৱসায়ী সন্থা, কণী ব্যৱসায়ী সন্থা, মাছ ব্যৱসায়ী সন্থা, মাংস ব্যৱসায়ী সন্থা, হাঁহ-কুকুৰা ব্যৱসায়ী সন্থা, শাক-পাচলি ব্যৱসায়ী সন্থা, ফল-মূল ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিৰ সৈতে মত-বিনিময় মুখ্যমন্ত্ৰীৰ৷ বৈঠকত খাদ্য আৰু অসামৰিক যোগান বিভাগ, উদ্যান শস্য, পশু পালন, দুগ্ধ, কৃষি বিভাগৰ বিষয়াৰ অংশগ্ৰহণ৷