Prime Minister Narendra Modi will campaign for BJP in Meghalaya in the second week of…
মেঘালয়ৰ স্বাস্হ্য মন্ত্ৰী এল হেক ক’ভিড পজিটিভ
কৰুণাৰ সৈতে যুঁজ দি থকাৰ মাজতে কৰুণাত আক্ৰান্ত মেঘালয়ৰ স্বাস্হ্য মন্ত্ৰী এল হেক। তথ্য অনুসৰি বৰ্তমান তেওঁ হ’ম আইচ’লেচনত আছে। শক্তি মন্ত্ৰী জেমচ পিকে চাংমাৰ পিছতে ক’ভিড পজিটিভ হোৱা তেওঁ দ্বিতীয় জন মন্ত্ৰী । নতুন দিল্লীৰ পৰা অহাৰ পিছতে হ’ন আইচ’লেচনত আছিল মন্ত্ৰী গৰাকী। ৰবিবাৰে ক’ভিড পজিটিভ হোৱা বুলি এল হেকে প্ৰকাশ কৰে। লগতে তেওঁ উল্লেখ কৰে যে তেওঁৰ জীয়ৰী কৰুণাত আক্ৰান্ত হৈ আছিল যদিও শনিবাৰে ক’ভিড নেগেটিভ হৈছে। কৰুণাৰ এনে সময়ছোৱাত স্বাস্হ্য মন্ত্ৰীৰ ক’ভিড পজিটিভে মেঘালয়ত প্ৰভাৱ পেলাব বুলি বিভিন্নজনে মত পোষণ কৰিছে।