Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
মোদীয়ে মুকলি কৰিলে ৭৫ টকীয়া মুদ্ৰা।
শুক্ৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে ৭৫ টকীয়া মুদ্ৰা। খাদ্য আৰু কৃষি সংগঠনৰ ৭৫ বছৰীয়া বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে এই মুদ্ৰা মুকলি কৰে। বিশ্ব খাদ্য দিৱসৰ বিষয়ে উল্লেখ কৰি দেশবাসীক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়- মই সকলোকে শুভাকামনা জ্ঞাপন কৰিছো। বিশ্বত যিসকল লোকে পুষ্টিহীনতা দূৰ কৰাৰ বাবে কাম কৰি আছে, তেওঁলোকলৈ মই ধন্যবাদ জনাইছো। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন সময়ত চমক সৃষ্টিকাৰী পদক্ষেপ গ্ৰহণ কৰিলেও সেইবোৰ দেশৰ জনসাধাৰণৰ আৰ্থিক দিশ টনকিয়াল কৰাত কোনোধৰণৰ সহায়ক হোৱা নাই। প্ৰধানমন্ত্ৰী মোদীৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তই দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড ভাঙি পেলোৱাৰ অভিযোগ আছে।