The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
যাদৱ পায়েঙৰ জীৱনৰ আধাৰত চলচ্চিত্ৰ
এন.এন ব্যুৰো, ২০ মাৰ্চঃ অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’বলগীয়া পূৰ্ণদৈৰ্ঘৰ অসমীয়া চলচ্চিত্ৰ বিষয়ক এক সংবাদমেল আয়োজিত হয় আজি গুৱাহাটী প্ৰেছ ক্লাৱত। “ৰুময়াং” শীৰ্ষক উপন্যাসখনৰ আধাৰত নিমানন্দ দাসৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মান হবলগীয়া চলচ্চিত্ৰখনত যাদৱ পায়েঙৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা পবিত্ৰ ৰাভাই। উক্ত সংবাদমেলত যাদৱ পায়েঙ, পবিত্ৰ ৰাভাৰ লগতে উপস্থিত থাকে আৰু অন্য বহুতো। উল্লেখ্য যে যাদৱ পায়েঙ ইংলেণ্ডৰ ৰাণী এলিজাবেথৰদ্বাৰা সদ্য কমনৱেলথ পইন্ট অৱ লাইট শীৰ্ষক সৰ্ব্বোচ্চ সন্মান লাভ কৰা প্ৰথম গৰাকী ভাৰতীয়।