Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
যোগীঘোপাত দেশৰ প্ৰথমখন মাল্টিম’ডেল লজিষ্টিক্স পাৰ্কৰ আধাৰশিলা
মঙলবাৰে যোগীঘোপাত দেশৰ প্ৰথমখন ‘মাল্টিম’ডেল লজিষ্টিক্স পাৰ্কৰ আধাৰশিলা স্হাপন কৰা হয়। ভিডিঅ কনফাৰেঞ্চ যোগে আধাৰশিলা স্হাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। উক্ত অনুষ্ঠানত উপস্হিত থাকে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিং,ৰাজ্যিক খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী ৰামেশ্বৰ তেলী,স্বাস্হ্য মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক পৰিবহণ আৰু উদ্যোগিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ফণীভূষণ চৌধুৰী আদিও উক্ত অনুষ্ঠানত উপস্হিত থাকে। উক্ত প্ৰকল্পটত ৭ কোটি ধন আবন্টন দিয়া হৈছে। ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাণিজ্যৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰকাশ কৰে। এই প্ৰকল্পই জনসাধাৰণক স্হল, জল, বায়ুৰ লগতে ৰে’লপথৰ জৰিয়তে মানুহৰ যোগাযোগত বিশেষ ভুমিকা পালন কৰিব বুলি মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰে। ইয়াৰ উপৰিও ৰাজ্যৰ প্ৰায় ২০ লাখ নিৱনুৱাই ইয়াত সংস্থাপন লাভ কৰিব বুলি তেওঁ ব্যক্ত কৰে।।