The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
লংকাত বিধংসী অগ্নিকাণ্ডঃ ছাঁই হৈ গ’ল এখন বজাৰ
এন.এন ব্যুৰো, ৯ মাৰ্চঃ হোজাই জিলাৰ লংকা ষ্টেচন বজাৰত কালি শেষ নিশা এক বিধংসী অগ্নিকাণ্ড সংঘটিত হয়। ষ্টেচন বজাৰৰ আটাইকেইখন বিপনী এই অগ্নিকাণ্ডত জাহ যায়। ৫০ লক্ষাধিক টকাৰ সম্পত্তি সম্মূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। ইফালে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীও বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।