Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
লক্ষ্মৌৰ চিকি সকৰ সাফল্য
যোৱা বছৰ নবেম্বৰ মাহত উত্তৰ প্ৰদেশৰ কুশীনগৰত জন্ম হৈছিল সংযুক্ত শৰীৰৰ যমজ শিশু । উল্লেখযোগ্য যে শিশু দুটাৰ যকৃত, হৃদযন্ত্ৰৰ বাহিৰ অংশৰ লগতে বুকু তথা খাদ্য নলীও পোনপটীয়াভাৱে সংলগ্ন হৈ আছিল। লক্ষ্মৌৰ কিং জৰ্জ চিকিৎসা বিশ্ববিদ্যালয়ৰ শৈল্য চিকিৎসক এছ এন কুৰিলৰ নেতৃত্বত নঘন্টা জুৰি চলা জটিল অস্ত্ৰোপচাৰৰ ফলত বৰ্তমান শিশু দুটা পৃথক হৈ পৰিছে। সম্প্ৰতি দুয়োটা শিশুকে চিকিৎসকে পৰ্যবেক্ষণত ৰাখিছে