Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
লাষ্টগেটতত প্ৰতিবাদ প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ
এন.এন ব্যুৰো, ৬ মাৰ্চঃ আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰক বৰ্খাস্ত কৰা আৰু সংগঠনৰ অন্যান্য দাবীসমূহ পূৰণ কৰাক লৈ আজি দিছপুৰ লাষ্টগেটত প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰুপায়ন কৰে। তেওঁলোকে চাৰি দফীয়া দাবি লৈ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে। উক্ত দাবীসমূহ চৰকাৰে অতিশীঘ্ৰেই মানি নললে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটিয়ে।