skip to Main Content

শনিবাৰৰ পৰা আৰম্ভ নৱৰাত্ৰী

হিন্দু ধৰ্মৰ পবিত্ৰ উৎসৱ শাৰদীয় নৱৰাত্ৰী শনিবাৰৰ পৰা আৰম্ভ হৈছে। উল্লেখযোগ্য যে চন্দ্ৰৰ লগত ৰজিতা খুৱাই উদযাপন কৰা এই ৯ ৰাতিৰ পৰাই আৰম্ভ হয় শাৰদীয় উৎসৱ তথা দূৰ্গা পূজা।অসমীয়া আহিন মাহত আৰম্ভ হোৱা এই নৱৰাত্ৰীয়ে বিঘিনি নাশি ধৰালৈ শান্তি কঢ়িয়াই বুলি বিশ্বাস কৰা হয়। এই বছৰ ১৭ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ চলিব নৱৰাত্ৰী। ২৬ অক্টোবৰৰ দিনটো অৰ্থাৎ নৱৰাত্ৰীৰ অন্তিম দিনটো বিজয়া দশমী অৰ্থাৎ দেৱী বিসৰ্জন। মূলতঃ এই নৱৰাত্ৰী দেৱী দূৰ্গাৰ লগত জড়িত। ৯ টা ৰাতিৰ প্ৰতি ৰাতিত দূৰ্গাৰ ৯ টা অৱতাৰক পূজা কৰা হয়। যদিও কৰুনাৰ বিভীষিকা তথাপি এইবেলিও ৰাজ্যত উলহ মালহেৰে নৱৰাত্ৰী উদযাপন কৰা দেখা গৈছে।

Back To Top