The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
শিশুৰ জীৱনক লৈ হেতালি ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰঃ চৰকাৰী নিৰ্দেশৰ বিপৰীতে খোলা থাকিল মহৰ্ষি বিদ্যা মন্দিৰ
এন.এন ব্যুৰো, ১৬ মাৰ্চঃ সমগ্ৰ বিশ্বত কৰোণাই সৃষ্টি কৰা আতংকৰ বাবে দেওবাৰে ৰাজ্যচৰকাৰে সকলো চৰকাৰী/বেচৰকাৰী শিক্ষানুষ্ঠানসমুহ ২৯ মাৰ্চলৈ বন্ধ থাকিব বুলি ঘোষণা কৰিছিল। কিন্তু তাৰ পৰিবৰ্তে চৰকাৰৰ এই নিৰ্দেশ অমান্য কৰিলে মহৰ্ষি বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। অন্য দিনৰ দৰে আজিও বিদ্যালয় কৰ্তৃপক্ষই খোলা ৰাখিলে বিদ্যালয়খন। ইতিমধ্যে আজি এক সংবাদমেলত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যচৰকাৰৰ নিৰ্দেশ অবজ্ঞা কৰা শিক্ষানুষ্ঠানসমুহৰ বিপক্ষে আইনগত ব্যৱস্হা হাত লব বুলি উল্লেখ কৰে।