skip to Main Content

শিশু আক্ৰান্তৰ ওপৰত GMCH ৰ অধীক্ষক অভিজিত শৰ্মাৰ মন্তব্য:

শিশু আক্ৰান্তৰ ওপৰত GMCH ৰ অধীক্ষক অভিজিত শৰ্মাই মন্তব্য কৰে যে ৰাজ্যত ক’ৰণা আক্ৰান্ত হবলৈ লৈছে শিশু। শিশুসকলৰ চিকিৎসাৰ বাবে সাজু আছে GMCH। শিশুৰ বাবে ৪০ খনকৈ ICU বিচনা সাজু কৰি ৰখা হৈছে GMCH ত। বৰ্তমান ক’ৰণাত চিকিৎসাধীন হৈ আছে ৯ টা শিশু। জৰুৰীকালীন সেৱাত ভৰ্তি ৭ টা শিশু। কোনো শিশুকে হোম আইচলেচনত থকাৰ অনুমতি প্ৰদান কৰা নাই GMCH য়ে। শিশু সকলৰ ঘৰতে থকাৰ আহ্বান GMCH ৰ অধীক্ষকৰ। অভিভাৱক সকলক সজাগ সচেতন হৈ থকাৰ পৰামৰ্শ GMCH ৰ অধীক্ষক অভিজিত শৰ্মাৰ।

Back To Top