The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
শীঘ্ৰেই ৰাজ্যবাসীক ১৬ খন উৰণীয়া সেতু উপহাৰ দিব চৰকাৰে : হিমন্ত
অতি কম সময়ৰ ভিতৰতে উৰণীয়া সেতুৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে অসমৰ বিৰামহীন উন্নয়নৰ কাম চলি থাকিব। এইক্ষেত্ৰত অসম আত্মবিশ্বাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৬খন উৰণীয়া সেতুৰ কাম চলি আছে। মালিগাওঁ আৰু ছুপাৰ মাৰ্কেটৰ দুখনকৈ উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে। নিৰ্ধাৰিত সময়ৰ বহু আগতেই আমি এই দুয়োখন উৰণীয়া সেতুৰ কাম সমাপ্ত কৰিব পাৰিম।
১ ব’হাগৰ দিনা নিৰ্মীয়মান অৱস্থাত থকা ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু নিৰ্মাণৰ কাম শেষ কৰিম। ইয়াৰ লগে লগে ৰিহাবাৰীৰ পৰা আৰ্য কলেজ সংযোগী আন এখন উৰণীয়া সেতু নিৰ্মাণৰ কামো লোক নিৰ্মাণ বিভাগে আৰম্ভ কৰিব। ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত মহানগৰীত ৯খনকৈ ফুট অভাৰ ব্ৰীজ আমি ৰাইজলৈ অৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো বুলি মন্তব্য কৰে লোক নিৰ্মাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।