Coming as a sigh of relief for the people of Guwahati, the Guwahati Jal Board…
শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা বহিষ্কাৰৰ দাবী
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ দাবীৰে বিতৰ্কৰ সৃষ্টি কৰা বিধায়ক শ্বেৰমান আলী আহমেদৰ মুখ বন্ধ ৰাখিবলৈ সকীয়াই দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰাজ্যসভাৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে অনাহক বিতৰ্কৰ সৃষ্টি কৰি বিজেপিক লাভৱান্বিত কৰাৰ বাবে কটু সমালোচনা কৰে বিধায়ক শ্বেৰমানক। বুধবাৰে ৰিপুণ বৰাই দলৰ বিধায়ক শ্বেৰমান আলী আহমেদলৈ পত্ৰ প্ৰেৰণ কৰি এই সন্দৰ্ভত অধিক বিতৰ্ক সৃষ্টিৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে। ইপিনে, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলৰ পৰাই বহিষ্কাৰৰ দাবী উত্থাপন কৰিলে। বিধায়ক কুৰ্মীয়ে মৰাণ নগৰস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা এক সংবাদমেলত সতীৰ্থ বিধায়কগৰাকীক বিষ্কাৰৰ দাবী উত্থাপন কৰে। তেওঁ কয়- ‘গুৰুজনাৰ আদৰ্শৰ দ্বাৰা প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। ইয়াক লৈ ৰাজনীতি হোৱা উচিত নহয়। বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয় স্থাপনৰ কথা কৈ ডাঙৰ ভুল কৰিছে। তেওঁক শীঘ্ৰে কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰিব লাগে। লগতে বিষয়টোত অনুমোদন জনোৱা বিধানসভাৰ স্থায়ী সমিতিৰ ১৫ গৰাকী সদস্যকো শাস্তি দিব লাগে। বিজেপি চৰকাৰে শ্বেৰমান আলীৰ মূৰত কঁঠাল ভাঙি সুবিধা ল’ব বিচাৰিছে।’ এইদৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধেও ক্ষোভ উজাৰে।