The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
ষষ্ঠ অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা
এন.এন ব্যুৰো ২ মাৰ্চঃ অসমৰ কৃষি আৰু উদ্যান শস্য খণ্ডক দেশৰ লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি কৃষি বিভাগ, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে প্ৰতি বছৰে অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলাৰ আয়োজন কৰি আহিছে। এইবাৰৰ এই মেলা ষষ্ঠ বাৰৰ বাবে অহা এপ্ৰিল মাহৰ ৩ তাৰিখৰ পৰা ৬ তাৰিখলৈ গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিত্সা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হব। এই মেলাখন অনুষ্ঠিত কৰাৰ বাবে Federation of Indian Chambers of Commerce and Industries (FICCI) ক সহযোগী হিচাপে লোৱা হৈছে।
এইবাৰৰ এই মেলাত ৩৫০ ৰো অধিক বিপনীৰ সুবিধা আগবঢ়োৱা হব, যত ৰাজ্যখনৰ কৃষি ক্ষেত্ৰৰ লগত জড়িত ২০০ টা আত্মসহায়ক গোট; ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৬০টা কোম্পানী; ৪০ টা কৃষি বিভাগৰ বিভিন্ন জিলাৰ বিপনী; আৰু প্ৰায় ৪০টা আন্তৰ্জাতিক বিপনীয়ে অংশগ্ৰহন কৰিব। দেশ বিদেশৰ বহুকেইগৰাকী কৃষি বিজ্ঞানীয়ে এই মেলাত অংশগ্ৰহন কৰিব বুলিও ইতিমধ্যে জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই।