Assam man beheaded a 55-year-old and then, walked for 25 km in the dead of…
সংবাদ জগতত ৰিপাব্লিক টিভিৰ কলংকৃত ইতিহাসৰ তদন্ত হ’ব।
ৰিপাব্লিক টিভিকে ধৰি তিনিটা চেনেলৰ বিৰুদ্ধে ভুৱা টেলিভিছন ৰেটিং পইণ্ট (টি আৰ পি) প্রদর্শনৰ তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে । ভুৱা টি আৰ পি পৰিবেশন কৰা এটা বৃহৎ চক্ৰ উৎখাতৰ পাছতে এই প্রক্রিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। বিজ্ঞাপনৰ ৰাজহ সংগ্রহ কৰিবলৈ আৰু ভুৱা ব্যাখ্যা বিয়পাবলৈ এইদৰে ৰেটিঙৰ ৰিগিং কৰা ঘটনাৰ স’তে দুজন লােকক গ্রেপ্তাৰ কৰা বুলি মুম্বাই আৰক্ষীয়ে জনায় ।
মুম্বাই আৰক্ষীয়ে জনােৱা মতে, দুটা টিভি চেনেলৰ স্বত্বাধিকাৰীক এই জালিয়াতিৰ সন্দৰ্ভত গ্রেপ্তাৰ কৰা হৈছে। তদুপৰি ৰিপাব্লিক টিভিৰ কিছুসংখ্যক কর্মচাৰীক সােধপােছৰ বাবে চমন দিয়া হ’ব । ইতিমধ্যে মুৰব্বী গ্রেপ্তাৰ হােৱা টিভি চেনেল দুটাৰ স’তে ফকট মাৰাঠী আৰু বক্স চিনেমা । মুম্বাই আৰক্ষীৰ বিষয়াজনে কয় যে সর্বাধিক টি আৰ পি থকা বুলি দাবী কৰা ৰিপাব্লিক টিভিৰ বিষয়ববীয়াক চমন কৰা হ’ব।
মুম্বাইৰ আৰক্ষীয়ে ভুৱা বাতৰি বিয়পােৱা কাণ্ডৰ বিৰুদ্ধে তদন্ত কৰি আছে । বিশেষকৈ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ স’তে সম্পর্কিত বাতৰিও তদন্তৰ আওতালৈ আনিছে। এই সমস্ত তথ্য মুম্বাইৰ আৰক্ষীয়ে কেন্দ্ৰক দাখিল কৰিছে। অভিযুক্ত চেনেলসমূহৰ বেংক একাউন্ট, তেওঁলােকে বিজ্ঞাপনদাতাৰ পৰা লাভ কৰা পুঁজি আদি পৰীক্ষা কৰিব । এই চেনেলৰ মুৰব্বীসকলকো জবাবদিহি কৰা হ’ব। কোনাে অপৰাধ উন্মােচিত হ’লে একাউন্ট জব্দ কৰা হ’ব আৰু অধিক কার্যব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুম্বাই আৰক্ষীৰ মুৰব্বী পৰনবীৰ সিঙে কয় ।
‘ভুৱা টি আৰ পি বিয়পােৱা হৈছিল। টি আৰ পিৰ ৰেটিংবােৰ অনা হৈছিল। এই কূটকৌশল মূলতঃ কৰা হৈছিল বিজ্ঞাপনৰ ৰাজহৰ বাবে ।’ অভিযােগ অনুসৰি, এই সংবাদ প্রতিষ্ঠানকেইটাই তেওঁলােকৰ চেনেল অনবৰতে চলাই ৰাখিবলৈ পৰিয়ালসমূহক উৎকোচ দিছিল ।
সিঙে কয়, “আপােনালােকে যদি তথ্য চায়, তেন্তে দেখিব যে ইংৰাজী ক’ব নজনা দৰিদ্র, অশিক্ষিত পৰিয়ালে কেৱল সংশ্লিষ্ট ইংৰাজী টিভি চেনেল চাইছিল। প্রতিমাহে এনে পৰিয়ালক ধন দিয়া হৈছিল ।” ইপিনে, ৰিপাব্লিক মুখ্য সম্পাদক অৰ্ণৱ গােস্বামীয়ে ঘােষণা কৰে যে তেওঁ মুম্বাই আৰক্ষীৰ আয়ুক্তৰ বিৰুদ্ধে গােচৰ ৰুজু কৰিব আৰু আৰক্ষী আয়ুক্তই ভুৱা অভিযােগ উত্থাপন কৰা বুলি কয় গােস্বামীয়ে।
‘আমি সুশান্ত সিং ৰাজপুত গােচৰৰ তদন্তত তেওঁক প্রশ্ন কৰিছিলাে। এক বিবৃতিত গােস্বামীয়ে কয় যে সিঙে ৰাজহুৱা ক্ষমা খুজিব লাগে অথবা আদালতত তেওঁলােকৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগে। ৰেটিঙৰ এনে চল-চাতুৰি টেলিভিছন উদ্যোগৰ বাবে এক পৰিচিত অভিযােগ। অলপতে উচ্চতম ন্যায়ালয়েও টি আৰ পি দৌৰক সমালােচনা কৰিছে আৰু কেন্দ্রীয় মন্ত্রীয়েও এই ক্ষেত্ৰত মন্তব্য কৰিছে ।
ইলেকট্রনিক মিডিয়াৰ সকলাে সমস্যা টি আৰ পিয়ে, ইয়াৰ বাবে মানুহৰ ভাবমূর্তি ক্ষতি কৰি অধিকৰ পৰা অধিকতম চাঞ্চল্যৰ সৃষ্টি কৰা হয়। এজন ন্যায়াধীশে এইদৰে কয় । বৃহস্পতিবাৰে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাৱড়েকাৰে কৈছিল যে বর্তমান সকলাে ‘টি আৰপি জাৰ্ণেলিজম’ হৈছে।