Assam Chief Minister Himanta Biswa Sarma today said he has spoken to megastar Shah Rukh…
সঞ্জয় দত্ত ঘৰলৈ
বলিউদ অভিনেতা সঞ্জয় দত্তই মুম্বাই কোকিলাবেন হাস্পতালৰ পৰা বুধবাৰে ঘৰলৈ উভতে। উল্লেখযোগ্য যে কৰ্কট-ৰোগত ভুগি থকা অভিনেতাজনে মুম্বাই কোকিলাবেন হাস্পতালত চিকিৎসাধীন হৈ আছিল। অভিনেতাজনৰ সৈতে ভগ্নী প্ৰিয়া দত্তকো উভতনি পথত দেখা গৈছে। হাঁহিমূখে কৰ্কট জিনি ঘৰলৈ উভতিল সঞ্জয় দত্ত । টুইটাৰ যোগে ইতিমধ্যে অভিনেতাগৰাকীয়ে স্বাস্হ্যৰ উন্নতি হৈছে বুলি প্ৰকাশ কৰিছিল।