Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
সত্য প্ৰমাণিত হ’ল NEWS NETWORK ৰ বাতৰি।
বিজেপি ত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰিলে কল্পনা পাটোৱাৰীয়ে।যোগদান কৰিয়েই কল্পনা পাটোৱাৰীয়ে লাভ কৰিলে দলৰ ব্ৰেণ্ড এম্বেচাদৰৰ দায়িত্ব।
যোগদান কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত,ফনীভূষণ চৌধুৰীৰ লগতে অগপৰ ভালে সংখ্যক শীৰ্ষ স্থানীয় নেতা উপস্থিত থাকে।অগপত আনুষ্ঠানিক ভাবে যোগদান কৰি কল্পনা পাটোৱাৰীয়ে গালে কেইবাটাও ভোজপুৰী সংগীত।
আনহাতে,যোগদান অনুষ্ঠানত উপস্থিত থাকি আবেগিক হৈ পৰিল অগপৰ সভাপতি অতুল বৰা।আবেগত দিয়া ভাষণত তেওঁ ক’লে যে,”কল্পনা পাটোৱাৰীৰ যোগদানত অগপই হাজাৰ সিংহৰ বল পোৱাৰ দৰে লাগিছে।”
অগপত যোগদান কৰিয়ে সকলো মহিলাকে ৰাজনীতিত সক্ৰিয়ভাৱে যোগদান কৰিবলৈ আহ্বান জনাই কল্পনা পাটোৱাৰীয়ে কয় যে, “মই পলিটিক্স নকৰিবা বন্ধু বুলি নকওঁ,মই ক’ম পলিটিক্স কৰি যোৱা বন্ধু।”
উল্লেখযোগ্য যে যোগদান কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত,ফনীভূষণ চৌধুৰীৰ লগতে অগপৰ ভালে সংখ্যক শীৰ্ষ স্থানীয় নেতা উপস্থিত থাকে।