skip to Main Content

সভ্যতাৰ সংকটঃ এই পৰ্যন্ত নিয়ন্ত্ৰিত হোৱা নাই COVID-19

এন.এন ব্যুৰো, ১৮ মাৰ্চঃ বিশ্বজুৰি মহামাৰী সৃষ্টি কৰা ক’ৰ’ণাৰ আতংক আজিৰ দিনটোতো অব্যাহত আছে। বৰ্তমানলৈ সমগ্ৰ বিশ্বত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ২,০৪,৬১০ গৰাকী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৮২৭০ গৰাকী। বৰ্তমানলৈকে ভাৰতবৰ্ষত ক’ৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৫৩ জনলৈ বৃদ্ধি পাইছে। আনহাতে আক্ৰান্ত হৈ আছে ৫ শতাধিক প্ৰবাসী ভাৰতীয়। ক’ৰ’ণা ভাইৰাছৰ পৰা কিদৰে নিৰাপদে থাকিব তাৰ বাবেও ঠায়ে ঠায়ে সজাগতা সভা পতা হৈছে। ইফালে ৰেল বিভাগে উল্লেখ কৰিছে যে ক’ৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ লগতে যাত্ৰী কম হোৱাৰ কাৰণেই বাতিল কৰিছে কেইবাখনো ৰেল। এই বাতিলকৰণ ২০ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অব্যাহত থাকিব। অসমতো ক’ৰ’ণা আতংক অব্যাহত আছে। বিভিন্ন ঠাইত সন্দেহজনক ভালেইকেইজন লোকক পৰীক্ষা কৰা হৈছে। গুৱাহাটী মহানগৰীতো প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে বন্ধ কৰি দিয়া হৈছে শ্ৰদ্ধাঞ্জলী কানন, নেহেৰু পাৰ্ক। শ্বপিং মল সমুহো বন্ধ কৰাৰ দাবী জনাইছে সচেতন মহলে। অৱশ্য এই পৰ্য্যন্ত কাৰো শৰীৰত covid-19 ৰ উপস্থিতি ধৰা পৰা নাই। তাৰ মাজতো উৰাবাতৰিৰ প্ৰাদুৰ্ভাবো চলি আছে। বিশিষ্ট মাইক্ৰ’ব্ৰায়’লজিষ্ট ড০ জয়ন্ত বিশ্ব শৰ্মাই অপ-তথ্যৰ মহামাৰীৰ পৰা নিজকে বচাই ৰাখিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

Back To Top