skip to Main Content

সম্প্ৰতিও অশান্ত অসম-মিজোৰাম সীমান্ত

অসম মিজোৰাম সীমান্তত মিজো দুষ্কৃতিৰ তাণ্ডৱ অব্যাহত ৷এইবাৰ অসমৰ ভূমিৰ এখন বিদ্যালয়ত হস্তনিৰ্মিত বোমা বিষ্ফোৰণ ঘটাই বিদ্যালয় খনৰ বহু ক্ষতিসাধন কৰিলে মিজো দুষ্কৃতিকাৰীয়ে ৷নিশা অসম মিজোৰাম সীমান্তৱৰ্তী ধলাই খুলিচৰাৰ ধলাখাল এলপি স্কুলত বোমা বিস্ফোৰণ ঘটায় মিজো সকলে ৷বোমা বিস্ফোৰণৰ ফলত বহু ক্ষয়ক্ষতি হয় বিদ্যালয়খনৰ ৷ লগতে বৃহত্তৰ অঞ্চলটো এতিয়া মিজো আৰক্ষীৰ দখলত ৷প্ৰৱেশত বাধা অসমীয়া লোকক ৷উল্লেখ্য যে যোৱা বুধবাৰে দুই ৰাজ্যৰ গৃহ সচিব পৰ্যায়ৰ মাজত অনুষ্ঠিত হোৱা এক বৈঠকত মিজোৰাম প্ৰশাসনে কয়, মিজো আৰক্ষীক তেওঁলোকে অসমৰ ভূমিৰ পৰা আঁতৰাই লৈ যাব ৷ কিন্তু তাৰ বিপৰীতে তেওঁলোকে অঞ্চলটোৰ ক্ষতি সাধনহে কৰিছে ।

Back To Top