Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
সাৱধান!গুৱাহাটীত ১৪৪ ধাৰা আৰোপ
গুৱাহাটীত বৃদ্ধি পোৱা অপৰাধমূলক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ১৪৪ ধাৰা আৰোপ কৰা হৈছে। আগন্তুক ৬০ দিনৰ বাবে এই ধাৰা বলৱৎ হৈ থাকিব। আৰক্ষী উপ-আয়ুক্তৰ কাৰ্যালয়ে এই সন্দৰ্ভত ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত কোৱা হৈছে যে সন্ত্ৰাসবাদী, অসামাজিক উপাদানে জিলাখনৰ আৱাসিক অঞ্চলত আত্মগোপন কৰিবৰ বাবে ঠাই বিচাৰিব পাৰে আৰু এই উপাদানসমূহে সৰ্বসাধাৰণৰ শান্তিত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে। সেয়ে জীৱনৰ নিৰাপত্তা আৰু ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাত ব্যাঘাত জন্মাৰ আশংকা কৰা হৈছে। তদুপৰি গুৱাহাটীৰ কেন্দ্ৰীয় আৰক্ষী জিলাখনৰ অধীনত থকা কোনো গৃহ-সম্পত্তিৰ মালিক-ব্যক্তিয়ে কোনো ব্যক্তিক কোনো বাসস্থান প্ৰদান-অনুমতি-ভাড়া দিয়াৰ আগতে তেওঁ সংশ্লিষ্ট আৰক্ষী থানাৰ দায়িত্বত থকা বিষয়াক সেই ভাড়াঘৰৰ বিৱৰণ প্ৰদান কৰিব লাগিব। উল্লেখযোগ্য যে, এই আদেশ ভংগ কৰা যিকোনো ব্যক্তি ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত দণ্ডনীয় বিবেচিত হ’ব।