নাগালেণ্ডত গৃহ মন্ত্ৰালয়ে আফস্পা (AFSPA) আইনৰ সময় ছমাহলৈ বৃদ্ধি অৰ্থাৎ ২০২২ বৰ্ষৰ জুন মাহলৈকে প্ৰযোজ্য…
সুকীয়া পতাকা-সংবিধানৰ দাবীত অটল নগা জাতি
ভাৰতীয় ভূ-খণ্ডৰ ভিতৰত থাকিয়েই সুকীয়া পতাকা আৰু সুকীয়া সংবিধানৰ দাবীত দীৰ্ঘদিনৰ পৰা সংগ্ৰাম চলাই আহিছে নগা বিদ্ৰোহীসকলে। শেহতীয়াভাৱে ক্ৰমাৎ জটিলতাৰ দিশে গতি কৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু বিদ্ৰোহীসকলৰ মাজত শান্তি আলোচনাৰ প্ৰক্ৰিয়া। সুকীয়া পতাকা আৰু সুকীয়া সংবিধানৰ দাবীত আপোচহীন স্থিতি প্ৰকাশ কৰি এনএছচিএন (আইএম)-এ নিজৰ স্পষ্ট বক্তব্য প্ৰকাশ কৰিছে। সংগঠনটোৰ সভাপতি কিউ টুছুৱে কয় যে নাগালিমত সুকীয়া পতাকা আৰু সংবিধান নোহাৱালৈকে নগা সমস্যাৰ সমাধান নহয়। পৃথক সংবিধান আৰু পতাকাৰ দাবীত আমি অন্তিমজন নগা ব্যক্তি জীয়াই থকালৈকে যুঁজ দি যাম। ভাৰত চৰকাৰৰ সৈতে আলোচনা চূড়ান্ত পৰ্যায়ত চলি আছে যদিও এই সংবেদনশীল বিষয় দুটাৰ মীমাংসা হোৱা নাই। নগা জাতিৰ বাবে দুয়োটা বিষয় ৰাজনৈতিক আৰু জাতীয় অধিকাৰৰ প্ৰতীক। এই বিষয় দুটা আমাৰ মূল আলোচ্য বিষয়। ভাৰত চৰকাৰে ইয়াৰ গুৰুত্ব বুজি পালেও স্বীকৃতি দিব নোখোজে। শান্তি স্থাপনৰ ক্ষেত্ৰত বৰ্তমান উদ্ভৱ হোৱা ইণ্ডো-নগা ৰাজনৈতিক বিতৰ্ক সমাধানৰ বিকল্প নাই।