Coming as a sigh of relief for the people of Guwahati, the Guwahati Jal Board…
সুধাকণ্ঠ ডঃভূপেন হাজৰিকাৰ ৰাজ্যজুৰী মৃত্যুবাৰ্ষিকী উদযাপন৷
বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যজুৰি ভাৰতৰত্ন ডঃভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়৷ইয়াৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে বিভিন্ন কাৰ্যসুচীৰে শ্ৰদ্ধাঞ্জলী অনুস্থানৰ আয়োজন কৰা হয়৷মহানগৰীৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত দিনজোৰা কাৰ্যসুচীৰে শ্ৰদ্ধাঞ্জলী অনুস্থানৰ আয়োজন কৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে৷উক্ত অনুস্থানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিশ্ববিশ্ৰুত শিল্পী ডঃভূপেন হাজৰিকাৰ সমাধিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷লগতে সুধাকণ্ঠ ডঃহাজৰিকাৰ প্ৰতি সন্মান জনাই সাংস্কৃতিক কাৰ্যসুচীও ৰূপায়ণ কৰে৷ইয়াৰ উপৰিও সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে সুধাকণ্ঠ গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই বিভিন্ন কাৰ্যসুচীৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে৷