skip to Main Content

সেউজ মেঘালয়ত আকস্মিক ৰক্তপাতঃ সান্ধ্য আইনৰ কবলত ৰূপহী শ্বিলং

এন.এন ব্যুৰো,২৯ ফ্ৰেব্ৰুৱাৰীঃ শ্বিলং এতিয়া সান্ধ্য আইনৰ কৱলত। ৪৮ ঘণ্টাৰ বাবে শ্বিলঙত বন্ধ কৰি দিয়া হৈছে সকলো ইণ্টাৰনেট সেৱা। খাচী ছাত্ৰ সন্থা আৰু একাংশ সন্দেহযুক্ত নাগৰিকৰ শুকুৰবাৰে হোৱা এক সংৰ্ঘষৰ পিচতেই গৃহমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান আৰু উপায়ুক্তৰ এক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকৰ পিচতেই মুখ্যমন্ত্ৰী কনৰাড চাংমাই তদন্তৰ নিৰ্দেশ দিয়ে। উল্লেখ্যযোগ্য যে, নাগৰিকত্ব সংশোধনী বিৰোধী সংগঠন আৰু ইনাৰ লাইন পাৰ্মিট বিচৰা দুটা পক্ষৰ মাজত বৈঠক চলি থকাৰ পিচতেই সৃষ্টি হয় এই সংঘাত। বৰ্তমানেও চেপা উত্তেজনা বিৰাজ কৰি আছে শ্বিলঙত।

Back To Top