Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
সোমবাৰৰ পৰা মহাৰাষ্ট্ৰত মুকলি সকলো ধৰ্মানুষ্ঠান
মহাৰাষ্ট্র চৰকাৰে ঘোষণা কৰিছে যে সোমবাৰৰ পৰা ৰাজ্যৰ সকলো ধৰ্মানুষ্ঠান মুকলি কৰা হ’ব । সম্পূৰ্ণ ক’ভিড প্ৰটকলৰ মাজেৰে মুকলি কৰা হ’ব মন্দিৰসহ সকলো উপাসনালয় । মার্চ মাহত লকডাউন আৰম্ভৰ পিছতেই মহাৰাষ্ট্র চৰকাৰে সকলো ধৰ্মীয়স্থান বন্ধ কৰি দিছিল। মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই সম্প্রতি ৰাজ্যবাসীক দীপাৱলীৰ শুভেচ্ছা জনাই ধৰ্মীয় স্হান সমূহ মুকলি কৰাৰ কথা ঘোষণা কৰে।