skip to Main Content

স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীৰে ঘোষণাতেই দায়িত্ব সামৰে পৌৰনিগমৰ বিষয়াই ।


নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰে বিশেষভাৱে প্ৰভাৱ পৰিছিল । গুৱাহাটী মহানগৰীত কিন্তু সেয়া এতিয়া ধোৱাচাঙত । আজিলৈকে পৰিষ্কাৰ নহল মহানগৰীৰ চৌপাশ । পৰিষ্কাকৰণৰ ক্ষেত্ৰত গুৱাহাটী পৌৰনিগমৰ কোনো ধৰণৰ নাই কাণসাৰ । মহানগৰীৰ ভৰলুৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত আৱৰ্জনা পেলোৱা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে এটা গঠন কৰা হৈছে বুলি ঘোষণা কৰিছিল পৌৰনিগমৰ আয়ুক্তই । গঠন কৰা টীমটোৱে দৈনিক মহানগৰ পৰিদৰ্শন কৰি আৱৰ্জনা পেলোৱা প্ৰত্যক্ষ কৰিলে তেওঁ ১০০০ৰ পৰা ১০,০০০টকা পৰ্যন্ত জৰিমণা বিহা হব বুলিও ঘোষণা কৰিছিল । লগতে ৰাজহুৱা স্থানত আৱৰ্জনা পেলোৱা ব্যৱসায়ীৰ অনুজ্ঞা-পত্ৰ বাতিল কৰাৰ সিদ্ধান্তত লোৱা হৈছিল কিন্তু এই সকলো ঘোষণা কৰিয়ে দায়িত্ব সামৰিলে পৌৰনিগমৰ বিষয়াই ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top