
সোমবাৰে শেষকৃত্য সম্পন্ন কৰা হ’ল অসমৰ বীৰ সন্তান হৰধন ৰায়ক। পুৱা জন্মস্থান সাপটগ্ৰাম মেধিপাৰা গাঁৱলৈ অনা হয় ছহীদগৰাকীৰ নশ্বৰ দেহ। শোকাকুল পৰিবেশৰ মাজত বীৰ শ্বহীদগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গাওঁবাসীয়ে।সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ল শ্বহীদ হৰধন ৰায়ৰ শেষকৃত্য।