Assam Chief Minister Himanta Biswa Sarma today said he has spoken to megastar Shah Rukh…
সৰ্বাত্মক বন্ধৰ পিছত ৰবীন্দ্ৰ ভৱনৰ প্ৰথম অনুষ্ঠান- মন চাতকৰ কন্ঠ
যশস্ৰী সংগীত শিল্পী জয়ন্ত হাজৰিকাদেৱৰ ৪৬ তম্ সোৱৰণী দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু সুৰ বাহিনীৰ সহযোগত বৃহস্পতিবাৰে অনুষ্ঠিত হয় মন চাতকৰ কণ্ঠ। সৰ্বাত্মক বন্ধৰ পিছত ৰবীন্দ্ৰ ভৱনত প্ৰথম বাৰৰ বাবে ১৬ অক্টোবৰ তাৰিখে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ল এই অনুষ্ঠান । অনুষ্ঠানত আৰম্ভণিতে সাংস্কৃতিক সঞ্চালকালয়ৰ বিষ্ণুকমল বৰাই উদ্বাধনী ভাষণ আগবঢ়ায়। তেওঁ কয় যে যদিও এইবছৰ দিল্লীত এই অনুষ্ঠানটি কৰাৰ পৰিকল্পনা কৰা হৈছিল তথাপি কৰুনাৰ বাবে উদযাপন কৰিব পৰা নগ’ল। গীত মাতে উদযাপন হোৱা উক্ত অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ স্মৃতিত সুৰ সন্ধানে আগবঢ়ায় ২০২০ বৰ্ষৰ জয়ন্ত হাজৰিকা সংগীত বঁটা অনুপম চৌধুৰী দেৱক। বঁটা গ্ৰহণ কৰি চৌধুৰীদেৱে শিল্পীসকললৈ অভিনন্দন জনায়। অনুষ্ঠানটিৰ আঁত ধৰে মৃদুল দত্তই। ৰূপম ভূঞা, অনিন্দিতা পাল, গায়ত্ৰী হাজৰিকাকে আদি কৰি নানা কেইগৰাকী শিল্পীয়ে জয়ন্ত হাজৰিকাৰ গীত পৰিবেশন কৰে।