In an effort to improve Schools in Assam, Chief Minister Himanta Biswa Sarma announces ₹10,000…
হংসৰাজ ভৰদ্বাজৰ শেষকৃত্য
এন.এন ব্যুৰো, ৯ মাৰ্চঃ দেশৰ প্ৰাক্তন কেন্দ্ৰীয় আইনমন্ত্ৰী তথা জেষ্ঠ কংগ্ৰেছী নেতা হংসৰাজ ভৰদ্বাজে দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে। বৃক্কজনিত ৰোগৰ বাবে বুধবাৰৰ পৰাই নতুন দিল্লিৰ মেক্স হাস্পতালত চিকিত্সাধীন হৈ আছিল মন্ত্ৰীগৰাকী। দেওবাৰে বিয়লি ভাগত চিকিত্সাধীন অৱস্হাতে মৃত্যু হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। ৮৩ বছৰ বয়সত ইহলীলা সম্বৰন কৰা মন্ত্ৰীগৰাকীৰ শেষকৃত্য আজি নিগমবোধ ঘাটত আবেলি ৪ বজাত সম্পন্ন কৰা হয়। মন্ত্ৰীগৰাকীয়ে মৃত্যুৰ সময়ত এগৰাকী পুত্ৰ আৰু দুগৰাকী কণ্যা এৰি থৈ যায়।