skip to Main Content

হাইলাকান্দিত উত্তেজনাঃ সীমান্তত মিজোৰ আগ্রাসন

এন.এন ব্যুৰো, ১৮ মাৰ্চঃ বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ মিজোৰাম সীমান্তৰ কচুৰতলত অব্যাহত আছে মিজোৰ আগ্রাসন। মঙলবাৰে দুপৰীয়া হাইলাকান্দি চহৰৰ মাজমজিয়াত সংবাদ মেল পাতি বিষয়টোক লৈ ৰাজ্য চৰকাৰ আৰু জিলা প্রশাসনৰ হস্তক্ষেপ বিচাৰিলে জিলাখনৰ কেইবাজনো অধিবক্তা আৰু সচেতন নাগৰিকে। উল্লেখ্য যে, কেইদিনমান আগতে মিজো দুৰ্বৃত্তই জ্বলাই দিয়া কচুৰতলৰ মছজিদটোৰ পুনৰ নির্মাণৰো দাৱি তোলে তেওঁলোকে। উক্ত সংবাদমেলখনত অংশ লয় হাইলাকান্দি বাৰ এচোচিয়েচনৰ অধিবক্তা মুফজ্জুল হুচেইন বৰভুইয়া, বুৰহান উদ্দিন বৰভুইয়া, মোহাম্মদ আলী লস্কৰ, আমিনুল ইছলাম, সুলতান আহমেদ চৌধুৰী আৰু অন্য বহুতো লোক।

Back To Top