At least two persons lost their lives and 5 others were seriously injured in a…
হাতত হেলমেট লৈ ৰেপিডো কৰ্মীৰ প্ৰতিবাদ
এন.এন ব্যুৰো,২৩ ফ্ৰেব্ৰুৱাৰীঃ ৰাজহ চক্ৰ বিষয়া আৰু দিছপুৰ আৰক্ষীৰ সহযোগত, জোনালীৰ ৰেপিডো কাৰ্যালয়ত পৰিবহণ বিভাগে শনিবাৰে এক অভিযান চলাই ৰেপিডো সেৱা বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। বাণিজ্যিক অনুজ্ঞা পত্ৰ অবিহনেই বাহন চলাই থকাৰ অভিযোগত ৰেপিডো, অ’লা, উবাৰ বাইক চাৰ্ভিচ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল পৰিবহণ বিভাগে। এই সিদ্ধান্তৰ বিৰোধিতাৰে আজি চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চালকসকলে হাতত হেলমেট লৈ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে আগতেও বহু বাৰ পৰিবহণ বিভাগে জাননী দিছিল ৰেপিডোৰ কাৰ্যালয়ত। শনিবাৰে স্থানীয় থানাত গোচৰ দিয়াৰ পাছতেই সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিয়ে পৰিবহণ বিভাগে।