The Assam government on Thursday announced its decision to extend the territory of the Bodoland…
হাতে-কামে লাগিল আৰ.পি. শৰ্মাঃ আনুষ্ঠানিকভাবে কংগ্ৰেছত যোগদান
এন.এন ব্যুৰো, ১ মাৰ্চঃ আজি ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে গেৰুৱা বসন সলালে আৰ.পি. শৰ্মাই। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু অন্যান্য সকলৰ উপস্থিতিত আৰ.পি শৰ্মাৰ লগতে সাংবাদিক জমশ্বেৰ আলি, এন.পি.পি আৰু বি.পি.এফৰ কেইবাজনো কৰ্মকৰ্তাইও যোগ দিয়ে কংগ্ৰেছত। কংগ্ৰেছত যোগদান কৰি প্ৰদান কৰা নিজৰ ভাষনত আৰ.পি. শৰ্মাই বহু কেইটা গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। বিশেষকৈ ২০২১ চনৰ বিধান সভা নিৰ্বাচনলৈ ককালত টঙালী বন্ধাৰ কথা উল্লেখ কৰে বি.জে.পি ৰ প্ৰাক্তন সাংসদজনে। উক্ত সভাখনত আনুষ্ঠানিকভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে উন্মোচন কৰে এ.পি.চি.চিৰ ৱেবপেজ।