Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
হাথৰছ কাণ্ডৰ CBI তদন্তত যোগীৰ বাধা
হাথৰছ কাণ্ডৰ CBI তদন্ত হোৱাটো বিচৰা নাই উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথ চৰকাৰে।উত্তৰ প্ৰদেশৰ হাথৰছত দলিত যুৱতীৰ লগত হোৱা দলবদ্ধ ধৰ্ষণৰ সন্দৰ্ভত চিবিআইয়ে কৰা তদন্তত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে উত্তৰ প্ৰদেশ চৰকাৰে ৷ বিগত মাহত দিল্লীৰ এখন চিকিৎসালয়ত দলবদ্ধ ধৰ্ষণৰ সন্মুখীন হৈ প্ৰাণত্যাগ কৰিছিল ২০ বছৰীয়া যুৱতীগৰাকীয়ে । ইয়াৰ পাছতেই উত্তৰ প্ৰদেশৰ প্ৰশাসনে নিশাৰ অন্ধকাৰত শেষকৃত্য সম্পন্ন কৰিছিল যুৱতীগৰাকীৰ ৷
উচ্চতম ন্যায়ালয়ক ৰাজ্য চৰকাৰে কয় যে তেওঁলোকে পীড়িতাৰ পৰিয়ালক সকলো ধৰণৰ সুৰক্ষা প্ৰদান কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ ৷ ইপিনে মংগলবাৰে চি বি আইয়ে হাথৰছ কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে ৷ উত্তৰ প্ৰদেশৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত আজি আবেদন দাখিল কৰি কয় যে পীড়িতাৰ পৰিয়াল আৰু সাক্ষীক তিনি তৰপীয়া সুৰক্ষা প্ৰদান কৰা হৈছে ।
তদুপৰি গাঁৱৰ বিভিন্ন স্থানত চি চি টি ভি কেমেৰাও স্থাপন কৰা হৈছে । উচ্চতম ন্যায়ালয়ত হাথৰছ কাণ্ডৰ শুনানি হ’ব ১৫ অক্টোবৰত ৷ আদালতে উত্তৰ প্ৰদেশ চৰকাৰক প্ৰশ্ন কৰে যে পীড়িতা পৰিয়ালৰ আৰু এই ঘটনাৰ সাক্ষীৰ কাৰণে কি ব্যৱস্থা কৰিছে ? পীড়িতা পৰিয়ালৰ লগত কোনোবা অধিবক্তা আছেনে? আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ঘটনা সন্দৰ্ভত স্থিতি কেনে ধৰণৰ ?