The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
হাস্পতালৰ পৰা মুম্বাইলৈ ৰাওনা হ’ল জুবিন
এন.এন ব্যুৰো, ৮ মাৰ্চঃ শিল্পী জুবিন গাৰ্গ এতিয়া প্ৰায় সুস্থ। ২৭ ফেব্ৰুৱাৰীত হঠাৎ অসুস্থ হৈ পৰা জুবিন চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত। আৰু আজি জুবিনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়ে হাস্পতাল কৰ্তৃপক্ষই। চিকিৎসকৰ মতে ঔষধতকৈ জুবিনক প্ৰয়োজন পৰ্যাপ্ত পৰিমাণৰ জিৰণিৰ। জুবিনৰ ঘনিষ্ঠ সূত্ৰৰ মতে চিকিৎসালয়ৰ পৰা পোনে পোনে তেওঁক লৈ যোৱা হয় বৰঝাৰ বিমানবন্দৰলৈ আৰু তাৰ পৰাই জুবিনে পত্নীসহ ৰাওনা হয় মুম্বাইলৈ। মুম্বাইত কেইদিনমান জিৰনি ল’ব জুবিনে গাৰ্গে। ইতিমধ্যে পাপনৰ সৈতেও বাৰ্তালাপ হৈছে জুবিনৰ। মুম্বাইত থাকিয়েই পৰৱৰ্তী পৰিকল্পনা কৰাৰ লগতে জিৰণি লোৱাৰ বাবে কিছু সময় পাব বুলিও আশা প্ৰকাশ কৰিছে জুবিন অনুৰাগীয়ে।